...

ডিব্ৰুগড়ত উপস্থিত পঞ্চায়ত নিৰ্বাচন-২০২৫ ৰ বাবে নিয়োজিত সাধাৰণ পৰ্যাবেক্ষক

Spread the love

চাইন অন ডেক্সঃ পঞ্চায়ত নিৰ্বাচন স্বচ্ছ আৰু সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ডিব্ৰুগড় জিলাত পাঁচ গৰাকী সাধাৰণ পৰ্যবেক্ষক নিযুক্তি দিছে। ইতিমধ্যে চাৰিগৰাকী সাধাৰণ পৰ্যাবেক্ষক জিলাখনত উপস্থিত হৈ বিভিন্ন কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পঞ্চায়ত নিৰ্বাচন-২০২৫ ৰ ডিব্ৰুগড় জিলাৰ দিনজয়, ডিকম, বকুল, মদাৰখাত আৰু ডিব্ৰুগড় পূব জিলা পৰিষদ সমষ্টিৰ বাবে অসম অসামৰিক সেৱাৰ বিষয়া নয়নজ্যোতি ভাগৱতীয়ে সাধাৰণ পৰ্যবেক্ষক হিচাপে যোগদান কৰিছে। সাধাৰণ পৰ্যবেক্ষক গৰাকীক নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ দাখিলৰ বাবে যোগাযোগৰ নম্বৰ হ’ল ৮৬৩৮৫৬২৪১৯। একেদৰে চাচণি, নাহৰকটীয়া, নামৰূপ আৰু জয়পুৰ জিলা পৰিষদ সমষ্টিৰ বাবে অসম অসামৰিক সেৱাৰ বিষয়া নিৰ্মল কান্তি দেৱনাথে সাধাৰণ পৰ্যবেক্ষক হিচাপে যোগদান কৰিছে। সাধাৰণ পৰ্যবেক্ষক গৰাকীক নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ দাখিলৰ বাবে যোগাযোগৰ নম্বৰ হ’ল ৯৪৩৫০৭০১৩৪।
টিংখাং, ৰাজগড় আৰু লেঙেৰী জিলা পৰিষদ সমষ্টিৰ বাবে অসম অসামৰিক সেৱাৰ বিষয়া ড০ কাবেৰী বি শৰ্মাই সাধাৰণ পৰ্যবেক্ষক হিচাপে যোগদান কৰিছে। আনহাতে, বৰবৰুৱা , মৰাণ, নাহৰনি, চেপন, লাৰুৱা আৰু ডিব্ৰুগড় পশ্চিম জিলা পৰিষদৰ বাবে অসম অসামৰিক সেৱাৰ বিষয়া হেমাংগ নবিচে সাধাৰণ পৰ্যবেক্ষক হিচাপে যোগদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *