...

ডিব্ৰুগড়ত আটাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্পন্নঃকেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

Spread the love

ডিব্ৰুগড়ত আটাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্পন্নঃকেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

“জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলনৰ বাহিৰে আহোমে অন্য বিষয় চিন্তা কৰি লাভ নাই”

চাইন অন ডেক্সঃ
জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলনৰ বাহিৰে আহোমে অন্য চিন্তা কৰি লাভ নাই৷ এই সিদ্ধান্ত সদৌ টাই আহোম ছাত্ৰ সন্হা(আটাছু)ৰ৷ আহোম জনগোষ্ঠীৰ একমাত্ৰ শক্তিশালী ছাত্র সংগঠন সদৌ টাই আহোম ছাত্র সন্থা(আটাছু) কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা আজি ডিব্ৰুগড় হোটেল “লিটল পেলেচ”ত অনুষ্ঠিত হয়। আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সন্থাৰ উপদেষ্টা অনিল গগৈকে ধৰি সমুহ কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে৷ সভাত টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন, বিদ্যালয় সমূহত টাই ভাষাৰ শিক্ষক নিযুক্তি, ঐতিহাসিক কৃতিচিহ্ন সমূহ সৌন্দৰ্যবৰ্ধন আৰু বিজ্ঞানসন্মত ভাৱে সংৰক্ষণ, অৰুণাচল প্ৰদেশত বসবাস কৰা টাই আহোম জনগোষ্ঠীৰ লোকসকলক অৰুণাচল চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰদান কৰা আৰু বানৰ কবলত পৰি শদিয়াৰ পৰা উঠি আহি ডুমডুমাৰ কৰ্দৈগুৰিত বহু বছৰৰ পৰা অস্থায়ীভাৱে বসবাস কৰি থকা ২৭ টা পৰিয়ালক ভূমি প্ৰদান কৰাৰ দাবী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি প্ৰতিজন কাৰ্যনিৰ্বাহকে স্পষ্ট মতামত ব্যক্ত কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে। সভাত আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে কয় যে টাই আহোম জনগোষ্ঠীৰ উপৰোক্ত দাবী সমূহ যদি পূৰণ কৰা নহয় জনগোষ্ঠীটোৰ অস্তিত্ব নিঃশেষ হৈ যাব, ৰাজনৈতিক ভাৱে যিটো জনগোষ্ঠীয়ে অসমত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আছে আৰু আহিছে সেই জনগোষ্ঠীৰ আজি মন্ত্ৰীসভাত এজন মাত্ৰ মন্ত্ৰী আছে। সেইদৰে শদিয়াৰ দৰে আহোমৰ গৰিষ্ঠ সংখ্যক জনবসতি থকা সমষ্টিত আজিলৈকে এজনো আহোম জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই বিজেপি দলটোৱে। বিগত দিনত কংগ্ৰেছ চৰকাৰেও এই দাবীসমূহক লৈ ৰাজনীতি কৰাৰ বাবে ৰাইজে বিজেপিৰ ওপৰত বিশ্বাস কৰি চৰকাৰ গঠন কৰাত সহযোগ কৰিছিল আহোম জনগণে৷ কিন্তু বিজেপিয়ে জনগোষ্ঠীটোক ন্যাৰ্যপ্ৰাপ্তিৰ পৰা বঞ্চিত কৰি আজিপৰ্য্যন্ত নিজ ৰাজনৈতিক মুনাফা গ্ৰহণ কৰি আছে৷ গতিকে এই চৰকাৰখনৰ পৰা আটাছুৰ দাবী সমূহ পূৰণ হোৱাৰ আশা কৰি লাভ নাই সেয়েহে আহোম জনগোষ্ঠীৰ ৰাইজে এতিয়া কেৱল আন্দোলন কৰিবলৈ ওলাই আহিব লাগে, কাৰণ আন্দোলনৰ বিকল্প একোৱেই নাই বুলি মন্তব্য কৰে। ৰামদেৱৰ দৰে ধৰ্মগুৰুক শ-শ বিঘা মাটি প্ৰদান কৰা অসম চৰকাৰে ডুমডুমাৰ কাঁইটীয়া গাঁৱৰ বানে বিধ্বস্ত কৰা ২৭ টা খিলঞ্জীয়া পৰিয়ালক বছৰ বছৰ ধৰি ভূমি প্ৰদান কৰিব পৰা নাই। লজ্জাজনক ভাৱে ৰাজহ মন্ত্ৰী হৈ থকা অৱস্থাত যোগেন মহনে ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছিল যে ১৫ দিনৰ ভিতৰত পৰিয়াল কেইটাক ভূমি প্ৰদান কৰাৰ লগতে ৯০,০০০ টকাকৈ গৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰিব৷ কিন্তু আজিপৰ্যন্ত একো খবৰ নাই। আহোম জনগোষ্ঠীৰ নামত তেনেকুৱা মন্ত্ৰী থকাৰ বাবেই আজিলৈকে দাবীবোৰ দাবীয়েই হৈ আছে৷ মুঠৰ ওপৰত ৰাইজক কেৱল আন্দোলন কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিছলীয়া চৰকাৰ আৰু জনগোষ্ঠীৰ মিছলীয়া মন্ত্ৰী-বিধায়কক এসেকা প্ৰদান কৰিবলৈ মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনাইছে আটাছুয়ে৷ আগন্তুক বিধানসভা নিৰ্বাচনেই শেষ সময়সীমা হ’ব আটাছুৰ লগতে আহোম জনগোষ্ঠীৰ ৰাইজৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবী৷ অন্যথা ৰাজনৈতিক ভাৱে চিন্তা কৰাৰ অন্য বিকল্প নাথাকিব আটাছুৰ৷ যিদৰে সহজ-সৰল টাই আহোম জনগোষ্ঠীৰ ৰাইজক লৈ বিজেপিয়ে ৰাজনীতি কৰি আহিছে সেইদৰে জনগোষ্ঠীৰ ৰাইজক লৈ এইবাৰ বিজেপিৰ লগত ৰাজনীতি কৰিবলৈ আগবাঢ়িব আটাছুয়ে। আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁইয়ে নিজ মন্তব্যত চৰকাৰৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰি কয় যে জনজাতিকৰণক লৈ বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি কৰি সংগ্ৰাম স্তিমিত কৰিব নোৱাৰি এতিয়া টাই আহোমৰ মাজৰ বংশ সমূহক লৈ ৰাজনীতি আৰম্ভ কৰিছে। বুঢ়াগোহাঁই, বৰগোহাঁই, সন্দিকৈ, লাহন আদিকে ধৰি বিভিন্ন বংশৱলীৰ নামত ভাগে-ভাগে অৰ্থনৈতিক ভাৱে সহযোগ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰাই বিজেপি মুখী কৰিব বিচাৰিছে। গতিকে ৰাইজ সচেতন হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজ দাবীসমূহ পূৰণ কৰাৰ চেষ্টা কৰিব লাগে৷ আটাছুৰ উপদেষ্টা অনিল গগৈয়ে জিলাই জিলাই সজাগতা সভা আয়োজন কৰি জনগোষ্ঠীটোৰ প্ৰতিজন ৰাইজক একত্ৰিত কৰি ৰাজপথলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে৷ বিজেপি, কংগ্ৰেছ, অগপ আদি যিকোনো দলত থকা আহোম জনগোষ্ঠীৰ কৰ্মী সকলে এতিয়া দল বাদ দি জনগোষ্ঠীৰ অস্তিত্ব বচোৱাত লাগিব লাগে বুলি মন্তব্য কৰে৷ উক্ত সভাতেই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ব’হাগ বিহুত ধেমাজি আৰু গোলাঘাট জিলাত গণ সজাগতা সভা আয়োজন কৰা, যোৰহাট আৰু শিৱসাগৰ জিলাত বিক্ষোভ প্ৰদৰ্শন, তিনিচুকীয়া জিলাত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা আৰু পঞ্চায়ত নিৰ্বাচনৰ আগত আটাছুৰ দাবীকেইটা পূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নিৰ্বাচনৰ সময়ত ৪৮ ঘণ্টা অসম বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁই জানিবলৈ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *