জম্মু-কাশ্মীৰৰ চাম্বাত উৰিছে সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ
বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে ইয়াক কৰিছে ধ্বংস
জম্মুঃ
এতিয়াও শিকনি লোৱা নাই পাকিস্তানে । ইতিমধ্যে ভাৰতৰ হাতত পৰাস্ত হৈছে পাকিস্তানী সেনা । ভাৰতে পৰ্বেও মাজ আকাশতে ধ্বংশ কৰিবলৈ সক্ষম হৈছিল । ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পাছতো আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু জম্মু-কাশ্মীৰৰ LoC ত অবিৰতভাৱে সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে ।
সোমবাৰে নিশা সাম্বাত ব্লেকআউটৰ মাজতে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে আকাশৰ মাজভাগত সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ প্ৰত্যক্ষ কৰে । এই সময়ছোৱাত বিস্ফোৰণৰ শব্দও শুনিবলৈ পোৱা যায় ।
সংবাদ সংস্থা ANI-এ সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, পূৰ্বৰ দিনৰ তুলনাত সোমবাৰে চাম্বা অঞ্চললৈ অতি কম সংখ্যক ড্ৰোণ আহিছিল । ইতিমধ্যে সকলো ড্ৰোণকে বাধা দিয়া হৈছে । কোনেও ভয় খাব নালাগে বুলি ভাৰতীয় সেনাই কয় ।
ইফালে সোমবাৰে নিশা পঞ্জাবৰ অমৃতসৰতো ব্লেকআউট জাৰি কৰা হয় । ইয়াৰ পূৰ্বে অমৃতসৰ DC-এ ৰাইজক তেওঁলোকৰ ঘৰৰ লাইট বন্ধ কৰি ৰাখাৰ লগতে সকলোকে ঘৰৰ খিৰিকীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । ”শান্ত হৈ থাকক, আমি আপোনালোকক জনাই দিম যেতিয়া বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰিবলৈ সাজু হ’ব । একেবাৰে আতংকিত নহ’ব ।”
পঞ্জাবৰ হোছিয়াৰপুৰ জিলাৰ উপ আয়ুক্ত (DC) আছিকা জৈনে ভিডিঅ’ বাৰ্তাযোগে কয়, ”আমি সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিছুদিনৰ বাবে দসুয়া আৰু মুখীয়ান অঞ্চলত আংশিকভাৱে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ কথা ঘোষণা কৰিছো । হোছিয়াৰপুৰৰ বাসিন্দাসকলক নিজেই ব্লেকআউট পালন কৰি ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছো । আতংকিত হোৱাৰ প্ৰয়োজন নাই ।”