...

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ জয়ৰ পিচতে তিনি ৰাজ্যত সাম্প্রদায়িক হিংসা

Spread the love

ভূপাল,গান্ধীনগৰ,লক্ষ্ণৌ,১১ মার্চঃ ইউ এ ইৰ ডুবাইত ভাৰতে নিউজিলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্রফীত পুনৰ জয়ী হোৱাৰ পিচত আনন্দ-উল্লাসৰ সময়ত মধ্যপ্রদেশ মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ আৰু গুজৰাটত সাম্প্রদায়িক হিংসাকে ধৰি বিক্ষিপ্ত ঘটনাৰ সূত্রপাত ঘটে। কালি নিশা মধ্যপ্রদেশৰ ইণ্ডোৰৰ মাওৰ সমীপত বিজয় উৎসৱ উদযাপন কৰি থকাৰ সময়তে অঞ্চলটোত জামা মছজিদ এলেকাত দুটা সম্প্ৰদায়ৰ মাজত হিংসাৰ সূত্রপাত হয়। আতচবাজী ফুটোৱাৰ প্ৰসংগক
লৈয়ে চহৰখনৰ বিভিন্ন ঠাইত শিলগুটি নিক্ষেপ, দোকান-পোহাৰ, বাহন, ঘৰত অগ্নি সংযোগৰ ঘটনা সংঘটিত হয়।দেশৰ বিজয়ক উদযাপন কৰি থকাৰ সময়তে, এই হিংসাৰ সময়ত পেট্র’ল বোমা নিক্ষেপৰ ঘটনাও সংঘটিত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছো প্রয়োগ কৰে। গুজৰাটৰ গান্ধীনগৰত নিশা ভাৰতৰ বিজয়ৰ পিচতে শেষ নিশা উলিওৱা মটৰচাইকেল ৰেলীক লৈয়ে দুটা ফৈদৰ মাজত হিংসাৰ সূত্রপাত ঘটে। মছজিদ এটাৰ সমীপত থকা প্রায় পোন্ধৰগৰাকী লোকে বিকট হর্ণ বজাই যোৱা বাইক আৰোহী দলক আক্ৰমণৰ চেষ্টা কৰাক লৈয়ে হিংসাৰ সূত্রপাত হয়। আৰক্ষীয়ে প্রায় এঘাৰগৰাকী লোকক আটক কৰিছে। কালি নিশাই উত্তৰ প্ৰদেশৰ শ্বাহাৰানপুৰ জিলাৰ এটা ঘাইপথত ভাৰতৰ বিজয়ক উদযাপন কৰাৰ বাবে অসংখ্য লোক ওলাই অহাত যাতায়াত সম্পূর্ণৰূপে বন্ধ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে ক্রিকেটপ্রেমীক আঁতৰি যাবলৈ অনুৰোধ কৰি বিফল হয়।এগৰাকী আৰক্ষী উপ-পৰিদর্শকে এজন যুৱকৰ পৰা ৰাষ্ট্ৰীয় পতাকাখন কাঢ়ি ওলোটাই ধৰাক লৈয়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰক্ষী আৰু জনতাৰ মাজত সংঘর্ষও লাগে। আনন্দ উৎসৱত অংশগ্রহণ কৰা কিছুসংখ্যক লোকে উপ-পৰিদৰ্শকজনৰ কাৰ্যত প্রতিবাদ কৰি তেওঁৰ বিৰুদ্ধে শ্ল’গানো দিয়ে। পৰিস্থিতি অধিক বেয়াৰ ফাললৈ যোৱাৰ পূর্বেই আৰক্ষীৰ অতিৰিক্ত বাহিনী অঞ্চলটোত মোতায়েন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *