অহা ৩০ মার্চ , দেওবাৰে তৃতীয় বৰ্গৰ (অ-কাৰীকৰি) পদৰ বাবে ডিব্ৰুগড় জিলাৰ বিভিন্ন কেন্দ্রত হব পৰীক্ষা
সুকলমে অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশ বিক্রম কৈৰীয়ে (ভাঃপ্ৰঃসে) এক আদেশ যোগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে
চাইন অন ডেক্সঃ
এই নিষেধাজ্ঞা অনুসৰিঃ
১) পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকর্তৃত্বশীলভাবে যিকোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কেৱল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী (কতৃপক্ষৰ দ্বাৰা যথাযথভাবে স্বাক্ষৰিত বৈধ এডমিট কাৰ্ডৰ সৈতে) , পৰীক্ষাত নিয়োজিত বিষয়া-কৰ্মচাৰী তথা আইন শৃংখলা আৰু জৰুৰীকালীন সেৱাত নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰী সকলকহে এই নিষিদ্ধ এলেকা অৰ্থাৎ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়া হ’ব।
২) পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলৰ বাহনৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন কোনো ব্যক্তিৰ বাহনৰ পাৰ্কিংৰ অনুমতি দিয়া নহ’ব।
৩) পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে কেলকুলেটৰ, মোবাইল ফোন, যিকোনো ধৰণৰ যোগাযোগৰ ইলেক্ট্ৰনিক সঁজুলি বা যিকোনো ধৰণৰ আপত্তিজনক সামগ্ৰী লগত ৰখাটো নিষিদ্ধ কৰা হৈছে।
৪) পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো খাদ্যৰ দোকান খোলাৰ অনুমতি দিয়া নহ’ব।
৫) পৰীক্ষা কেন্দ্ৰৰ নিয়োজিত কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিকে পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসনলৈ লৈ যোৱাৰ অনুমতি দিয়া নহ’ব।
৬) পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো অনুষ্ঠান/ৰেলী আদিৰ বাবে কোনো অনুমতি প্ৰদান কৰা নহ’ব।
কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা ২০২৩ ৰ ২২৩ ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।