চাইন অন ডেক্স,৪মার্চ: চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবীক লৈ প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা এন এইচ এম আৰু যক্ষ্মা কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। স্বাস্থ্যকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখযোগ্য যে, আজিৰ পৰা তিনিদিনীয়াকৈ কৰ্মবিৰতি ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্বাস্থ্য কৰ্মীসকল। ইফালে স্বাস্থ্য কৰ্মীসকলৰ কৰ্মবিৰতি কাৰ্যসূচীৰ ফলত অচল হৈ পৰিছে চিকিৎসা সেৱা।