...

গুৱাহাটীলৈ যাব ? তে ন্তে কোন পথৰে যাব ?

Spread the love

তলত দিয়া নিৰ্দেশনা নামানিলে ভয়ংকৰ বিপদত পৰিব পাৰে।

কি নিয়ম জাৰি কৰিলে গুৱাহাটীৰ যান-বাহন আয়ুক্ত কাৰ্যালয়ে ?

পঢ়ক এই প্ৰতিবেদন।

চাইন অন ডেক্সঃ
অসমৰ যান-বাহন বিভাগৰ উপ-আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা ট্ৰেফিক মেনেজমেণ্ট এডভাইজাৰী(যান বাহন চলাচলৰ ক্ষেত্ৰত নিয়মাৱলী)এনেধৰণৰঃ

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা যোৰাবাট অংশৰ কাষেৰে যান-জঁটৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) অব্যাহত ৰখা পিকিউচি পেনেল প্লেচমেণ্টৰ কামৰ বাবে, আৰু বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে এই কাম সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা বিবেচনা কৰি, উচ্চ অসম আৰু মেঘালয়ৰ পৰা যোৰাবাট হৈ গুৱাহাটীলৈ অহা যাত্ৰীসকলৰ স্বাৰ্থত এই পৰামৰ্শ জাৰি কৰা হৈছে। সেই অনুসৰি যান-বাহন ব্যৱস্থাপনাৰ উপযুক্ত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

১.উচ্চ অসম ফালৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহন কলিয়াবৰ তিনিআলিত ডাইভাৰ্ট কৰা হ’ব। কলিয়াবৰ তিনিআলি – শোণিতপুৰ – দৰং – বাইহাটা চাৰিআলি এই পথেৰে যাব লাগিব।

২.নগাঁও/ মৰিগাঁও /মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহন গুৱাহাটী চহৰৰ সীমাৰ ভিতৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব।

৩.উচ্চ অসমৰ ফালৰ পৰা অহা সকলো এল এম ভিয়ে মূল্যৱান সময় ৰাহি কৰিবলৈ তলত দিয়া বিকল্প পথসমূহ ব্যৱহাৰ কৰিব পাৰে:

(ক) ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু পইণ্ট – ডিগাৰু তিনিআলি – আমছিং যোৰাবাট – সেনা শিবিৰ – পথাৰকুৱাৰী

(খ) ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু পইণ্ট – ডিগাৰু তিনিআলি – চন্দ্ৰপুৰ – পানীখাইটি- নাৰেংগী

(গ) চামোটা – মায়ং – চন্দ্ৰপুৰ – পানীখাইতি – নাৰেংগী

(ঘ) জাগীৰোড – মায়ং – চন্দ্ৰপুৰ – পানীখাইটি – নাৰেংগী

এই পৰামৰ্শ যোগ্য কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *