কাজিৰঙাত সংযোজন হ’ব বৈদ্যুতিক বাহনৰ; শংকিত জীপছি চালক
পথৰ ভিক্ষাৰী হ’ব লাগিব নেকি বুলিও একাংশ জীপছি চালকৰ শংকা
কাজিৰঙা,১২মাৰ্চঃ অসম বিধানসভাত বাজেট ঘোষণাৰ লগে লগে তীব্ৰ আশংকাত ভুগিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপছি চালকসকল ! উপাৰ্জনৰ একমাত্ৰ ভৰসা জীপছি হেৰুৱাই পথৰ ভিক্ষাৰী হ’ব লাগিব নেকি বুলিও একাংশ জীপছি চালকে শংকা প্ৰকাশ কৰিছে ৷ কাৰণ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কাজিৰঙাৰ বৰ্তমানৰ জীপছিৰ সলনি বৈদ্যুতিক বাহন প্ৰদানৰ বাবে ২০ কোটি টকা ধাৰ্য কৰা হৈছে । সেয়া খাটিখোৱা জীপছি চালকৰ ভাগ্যত আছে নে নাই সেই লৈ চিন্তিত হৈ পৰিছে তেওঁলোক ৷উল্লেখ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশনত কাজিৰঙাত দীৰ্ঘদিন ধৰি চলি থকা জীপছিসমূহৰ সলনি বৈদ্যুতিক বাহন প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ আনহাতে এই বাহনৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য কৰে ৷ কিন্তু কথা হ’ল আহিবলগীয়া বৈদ্যুতিক বাহন বৰ্তমানৰ জীপছি চালক অথবা জীপছিৰ মালিকসকলে ক্ৰয় কৰিব পাৰিব নে পুঁজিপতিৰ হাতলৈ যাব,ইয়াকে লৈ বিভিন্নজন দুশ্চিন্তাত ভুগিছে ৷ আনহাতে এই সন্দৰ্ভত কাজিৰঙা অধ্যয়ন চক্ৰৰ যুটীয়া সচিব যতীন কলিতা আৰু প্ৰিয়া চাহুৱে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি সমগ্ৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিছে।
কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰতিক্ৰিয়া
সংগঠনটোৰ তৰফৰ পৰা স্পষ্টকৈ প্ৰকাশ কৰা হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈদ্যুতিক বাহনৰ আগমনে প্ৰদূষণ নাইকিয়া কৰিব, যিটো আমাৰ সকলোৰে বাবে আদৰণীয় বিষয় ৷ সংগঠনটোৱে লগতে কয় যে, “আমি যদি লক্ষ্য কৰো তেন্তে দেখা পাম যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা, বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলত সৰ্বমুঠ ৫৫২ খন জীপছি পঞ্জীয়নভুক্ত আছে৷ ইয়াৰে কাজিৰঙা বনাঞ্চলত সৰ্বাধিক ৩৮২ খন জীপছি গাড়ী পঞ্জীয়নভুক্ত হৈ আছে।এই পঞ্জীয়নভুক্ত জীপছিসমূহৰ বেছিভাগৰ সৈতে ক’ৰবাত এটা, নতুবা দুটাকৈ পৰিয়াল চলি আছে ৷ জীপছি চলায়েই বহু কেইজনে নিজৰ পৰিয়ালৰ ভাতমুঠিৰ যোগাৰ কৰিছে ৷ এতিয়া প্ৰসংগটো হ’ল জীপছিসমূহ যথেষ্ট পুৰণি হৈছে ৷ সেইবোৰ বন্ধ কৰি দিয়াটো নিশ্চিতভাৱে যুক্তিসংগত।কিন্তু সেইবোৰ বন্ধ কৰি দিয়াৰ লগে লগে কাজিৰঙা পৰ্যটনৰ অন্যতম অংশীদাৰ এই জীপছি চালক আৰু মালিকসহ সহস্ৰাধিক পৰিয়াল কৰ্মসংস্থাপনহীন হৈ যাব ৷ ফলত, জীপছি চালকসকলে পুনৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিব লাগিব। কিন্তু কোনোমতে পেটৰ ভোক আঁতৰাবলৈ সক্ষম এইসকল জীপছি চালক অথবা মালিকে কেনেকৈ ক্ৰয় কৰিব বৈদ্যুতিক বাহনসমূহ ? যাৰবাবেই কাজিৰঙা পৰ্যটনৰ সৈতে জড়িত এই বৃহৎ অংশীদাৰিত্বক সহযোগ কৰিবলৈ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷”
*বৈদ্যুতিক বাহনত ৫০ শতাংশ ৰেহাইৰ অনুৰোধ
কোনো কাৰণতে যাতে বৃহৎ পুঁজিপতিয়ে থলুৱাক ভাতে মাৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰক আহ্বান জনায় কাজিৰঙা অধ্যয়ন চক্ৰই ৷আনহাতে কাজিৰঙা পৰ্যটনত জড়িত থলুৱা লোকৰ এই অংশটোক বিশেষ ৰেহাই হাৰত অগ্ৰাধিকাৰ দিবৰ বাবেও চৰকাৰলৈ বিবৃতিযোগে আহ্বান জনাইছে কাজিৰঙা অধ্যয়ন চক্ৰই ৷ ইফালে কাজিৰঙাৰ এগৰাকী জীপছি চালক শান্তি নাথ আৰু তেওঁৰ কন্যা প্ৰীতিক্ষা নাথেও সমগ্ৰ বিষয়টোক লৈ চিন্তিত হৈ পৰিছে ।তেওঁলোকে কয়,”চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছো।কিন্তু আমাৰ এটাই অনুৰোধ চৰকাৰে যেন এই বৈদ্যুতিক বাহন ক্ৰয়ৰ ক্ষেত্ৰত জীপছি চালকসকলক ৫০ শতাংশ ৰেহাই প্ৰদান কৰে।