ভুবনেশ্বৰ,৫মার্চঃ বাৰম্বাৰ ধৰ্ষণৰ এগৰাকী অন্তঃসত্ত্বা হোৱা ঘটনাই ওড়িশাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।। গৰ্ভাৱস্থাৰ ২৬ সপ্তাহত অনুমতি দিছে ওড়িশা উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২৬ সপ্তাহৰ গৰ্ভপাতৰ বাবে আদালতৰ অনুমতিৰ প্ৰয়োজন। লক্ষণীয় যে অন্তঃসত্ত্বা নাবালিকাগৰাকীয়ে শাৰীৰিক অসুস্থ হৈ মৃগী ৰোগত ভুগি আছিল। এনে পৰিপ্ৰেক্ষিততে উচ্চ ন্যায়লয়ৰ ন্যায়ধীশে সমস্ত দিশ পর্যালোচনা কৰি অন্তঃসত্ত্বা নাবালিকাগৰাকীক গর্ভ পাতৰ অনুমতি দিয়ে। আৰক্ষীয়ে প্রকাশ কৰা মতে, নাবালিকাগৰাকীক এজন যুবকে প্রাণে মৰাৰ ভাবুকি দি কেইবাবাৰো ধর্ষণ কৰাৰ ফলত অন্তঃসত্তা হৈছিল। বিগত বর্ষৰ আগষ্ট মাহত এই ঘটনাটো সংঘটিত হৈছিল।