এতিয়ালৈ অসমত ৫৮ জন পাকিস্তানী সমৰ্থক দেশবিৰোধীক গ্ৰেপ্তাৰঃমুখ্যমন্ত্ৰী
গুৱাহাটী:
ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধসদৃশ পৰিৱেশৰ যুদ্ধ বিৰতি হৈছে যদিও অসমত এতিয়াও ওলায়েই আছে পাকস্তানপ্ৰেমী তথা স্বদেশ বিৰোধী লোক । ২২ এপ্ৰিলৰ পেহেলগামকাণ্ডৰ পিছত বুধবাৰলৈকে অসমত মুঠ ৫৮ জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে অসম চৰকাৰে । এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নতুনকৈ দুজন লোকক দেশবিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰাৰ কথা সামাজিক মাধ্যমত বুধবাৰে ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই দুয়োজনক শোণিতপুৰ জিলাত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয়, “ছুকুৰ আলী আৰু ফজল আলীক কালি দেশবিৰোধী কার্যকলাপৰ বাবে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । পাকিস্তান সমর্থনকাৰীৰ বিৰুদ্ধে ৰাজ্যত চলা অসম আৰক্ষীৰ অভিযানত এতিয়ালৈকে ৫৮ জনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।”
তেওঁ লগতে লিখে, “অসম চৰকাৰে দেশবিৰোধী পাকিস্তানী সমৰ্থকক কোনো কাৰণতে ৰেহাই নিদিয়ে আৰু অভিযান অব্যাহত থাকিব । আমি অসমত দেশবিৰোধী ব্যক্তি বা চক্ৰক আজিলৈ কাহানিও প্ৰশ্ৰয় দিয়া নাই আৰু আমাৰ এই অভিযান চলি থাকিব নিৰন্তৰে । এইক্ষেত্ৰত কাকোৱেই ৰেহাই দিয়া নহ’ব ।”
উল্লেখযোগ্য যে, এতিয়ালৈ অসমত দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা ৫৮ জনৰ ভিতৰত আছে এগৰাকী বিধায়কো । ধিং বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলাম এতিয়াও নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈ আছে । পহলগামকাণ্ডৰ পিছতে বিধায়ক আমিনুলে ৰাজহুৱা সভাত পাকিস্তানক সমৰ্থন কৰি মন্তব্য আগবঢ়োৱাৰ অভিযোগত 24 এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল ৷ ১৩ মে’ত নগাঁৱৰ আদালতত আমিনুল ইছলামৰ শুনানি আছিল যদিও তেওঁক হাজিৰ কৰোৱা নহ’ল ।