...

আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিৱালয়ত কেবিনেট বৈঠক

Spread the love

চাইন অন ডেক্স,ডিব্ৰুগড়ঃ আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ কেবিনেট বৈঠক। ডিব্ৰুগড় মহানগৰৰ মাইজানস্থিত মুখ্যমন্ত্ৰীৰ সচিৱালয়ত দ্বিতীয়বাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া আজিৰ কেবিনেট বৈঠকখন হ’ব অসম মন্ত্ৰীসভাৰ নিয়মীয়া বৈঠক। অৱশ্যে ২০২৩ চনৰ ৩০ মাৰ্চত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকখন আছিল দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা কেবিনেট বৈঠক। ইফালে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিৱালয়ত দ্বিতীয়বাৰলৈ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ সচিৱালয় হোৱাৰ পাছত প্ৰথমখন নিয়মীয়া কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ২০২৪ চনৰ ২৩ ডিচেম্বৰত। আজি বিয়লি প্ৰায় ৪ বজাত অসম চৰকাৰৰ কেবিনেট বৈঠকখন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। এই কেবিনেট বৈঠকত অধ্যক্ষতা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি ভাগত ডিব্ৰুগড়ত উপস্থিত হ’ব। তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হ’বলগীয়া হোৱা মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ কেইবাখনো জিলাৰ সমজিলাসমূহৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজো পৰ্যালোচনা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *