...

আজি চূড়ান্ত হ’ব কাছাৰ জিলাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম

Spread the love

আজি সন্ধিয়া ভাগত ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰিছে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে।

 

চাইন অন ডেক্সঃ

পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ উঠিছে কাছাৰ। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১১ এপ্ৰিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে শিলচৰ কংগ্ৰেছ কাৰ্যালয়ত যথেষ্ট ভিৰ কৰিছে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে।‌

জিলা খনৰ ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ কেবাখনো বৈঠকত মিলিত হৈছে প্ৰাৰ্থী নিৰ্বাচন কমিটী সমূহ। আজিৰ ভিতৰত কাছাৰ জিলাৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ নাম চূড়ান্ত কৰা হ’ব বুলি ইন্দিৰা ভৱনত আয়োজিত এখন বৈঠকত সিদ্ধান্ত লয়।

আজি সন্ধিয়া ভাগত ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰিছে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে। তেওঁ লগতে কয় যে, এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰাৰ্থীয়ে ধনৰ লেনদেন কৰিলে তেওঁৰ প্ৰাৰ্থীত্ব বাতিল কৰা হ’ব।

লগতে যিয়ে ধন ল’ব তেওঁক ২৪ ঘন্টাৰ ভিতৰত দলৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচন সম্পৰ্কে প্ৰাৰ্থীত্ব প্ৰত্যাশী আৰু দলীয় কৰ্মী সকলৰ উদ্দেশ্যে কঠোৰ সকীয়নি প্ৰদান কৰিছে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে।

প্ৰথমবাৰৰ বাবে এইবাৰ জিলা কমিটী সমূহক জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিবলৈ প্ৰদেশ কংগ্ৰেছে কৰ্তৃত্ব প্ৰদান কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জ্ঞাপন কৰে অভিজিত পালে।

Leave a Reply

Your email address will not be published. Required fields are marked *