চেম্পিয়নছ ট্ৰফীৰ আজিৰ প্ৰথম ছেমিত টীম ইণ্ডিয়াৰ সন্মুখত অস্ট্রেলিয়া
নিউজ ডেক্স,৪মার্চঃ ২০১১ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পিছৰ পৰা আইচিচিৰ নকআউট মেচত অস্ট্রেলিয়াৰ বিপক্ষে জয়ৰ মুখ দেখা নাই ভাৰতীয় ক্রিকেট দলটোৱে। ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত কেংগাৰু বাহিনীৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল টীম ইণ্ডিয়াই।-আইচিচিৰ নকআউট মেচত দীর্ঘদিনীয়া ব্যৰ্থতাৰ ধাৰা ভংগৰ লক্ষ্য কৰি লৈছে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে।চলিত আইচিচি চেম্পিয়নছ ট্ৰফীৰ আজি ডুবাইত হ’বলগীয়া প্রথমখন ছেমিফাইনেলত ভাৰতীয় দলটোৰ প্ৰতিদ্বন্দ্বী হ’ল শক্তিশালী অস্ট্রেলিয়া। আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ হ’বলগীয়া ছেমিফাইনেল মেচখনত কেংগাৰু বাহিনীক পৰাস্ত কৰি দীর্ঘদিনীয়া ব্যর্থতাৰ ধাৰা ভংগ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ৰোহিত ব্রিগেড। মেচখনত জয়লাভ কৰাটো উজু নহ’ব বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে আমি পূৰ্বৰ ফলাফলক চাই অতিৰিক্ত চাপ ল’ব বিচৰা নাই। নতুন উদ্যেমেৰে কাইলৈৰ মেচখনত আমি অৱতীৰ্ণ হ’ম। ইপিনে, বিগত মেচখনত বৰুণ চক্রবর্তীয়ে দাঙি ধৰা দুর্দান্ত প্রদর্শনে কাইলৈৰ ছেমিফাইনেলৰ বাবে মূল একাদশটো গঠনক লৈ কিছু চিন্তা হৈ পৰিছে। যিহেতু বৰুণে বিগত মেচখনত দুর্দান্ত বলিং প্রদর্শন দাঙি ধৰি দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিছে। ইফালে,আজিৰ ছেমিত চাৰিগৰাকী স্পিনাৰক লৈ কেংগাৰু বাহিনীক বধ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় দলটোৱে। বৰুণৰ লগতে স্পিন বলিঙৰ দায়িত্বত থাকিব কুলদীপ যাদৱ, ৰবীন্দ্র জাদেজা আৰু অক্ষৰ পেটেল। পেচ বলিঙৰ দায়িত্ব বহন কৰিব মহম্মদ ছামিৰ লগতে অর্শদীপ সিঙে।খেলৰ সময়: দিনৰ ২.৩০ বজা।