আত্মহননৰ ভাবুকি বাবাৰ
চাইন অন ডেক্স,৪মার্চ: সামাজিক মাধ্যমত জনপ্রিয় হৈ উঠা আইআইটি বাবা অভয় সিঙৰ বিৰুদ্ধে জয়পুৰৰ শিপ্রাপথ থানাই গোচৰ ৰুজু কৰিছে।আইআইটি বাবাই জয়পুৰৰ ঋদ্ধি সিদ্ধি হোটেলত বাহৰ পতাৰ সময়ত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ তথ্য লাভ কৰি আৰক্ষীয়ে হোটেলত উপস্থিত হৈ আইআইটি বাবাৰ পৰা গাঞ্জা উদ্ধাৰ কৰে। কম পৰিমাণৰ গাঞ্জা উদ্ধাৰ হ’লেও আৰক্ষীয়ে আইআইটি বাবাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতে আইআইটি বাবাই আত্মহননৰ ভাবুকি প্ৰদান কৰে। হোটেলত আটক কৰাৰ পাছত আইআইটি বাবাক আৰক্ষীয়ে থানালৈ লৈ যায়। লক্ষণীয় যে থানাত ফেচবুক লাইভযোগে আইআইটি বাবাই আত্মহননৰ ভাবুকি দিয়ে। ইয়াৰ পাছতেই থানাত আইআইটি বাবাৰ সমৰ্থকে ভিৰ কৰে।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।