...

অৱশেষত স্বদেশলৈ ঘূৰি আহিল পাকিস্তানে আটক কৰা বি এছ এফ জোৱান

Spread the love

অৱশেষত স্বদেশলৈ ঘূৰি আহিল পাকিস্তানে আটক কৰা বি এছ এফ জোৱান

২৩ এপ্ৰিলত কৰ্তব্যৰ সময়ত বি এছ এফ কনিষ্টবলজনে ভুলবশত সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল

অমৃতসৰ:

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । তাৰ মাজতে পাকিস্তান চৰকাৰে ঘূৰাই পঠিয়ালে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ক । সীমান্ত সুৰক্ষা বাহিনীৰ পঞ্জাৱ সীমান্তৰ জনসংযোগ বিষয়াৰ এক বিবৃতিত কোৱা হৈছে যে যোৱা ২৩ এপ্ৰিলত কৰ্তব্যৰ সময়ত বি এছ এফ কনিষ্টবলজনে দুৰ্ঘটনাক্ৰমে সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল । তেতিয়া পাকিস্তানী ৰেঞ্জাৰে তেওঁ আটক কৰিছিল ।

বি এছ এফৰ বিবৃতিত উল্লেখ কৰিছে, “আজি ১০.৩০ বজাত কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ক পাকিস্তানৰ পৰা আটাৰী-ৱাঘা সীমান্তত বি এছ এফক হস্তান্তৰ কৰা হয় । কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ৱে অজানিতে পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল । ২০২৫ চনৰ ২৩ এপ্ৰিলত ফিৰোজপুৰ ছেক্টৰৰ এলেকাত অপাৰেশ্যনেল ডিউটিত থকাৰ সময়তে প্ৰায় ১১.৫০ বজাত পাকিস্তানত প্ৰৱেশ কৰাৰ সময়ত ৰেঞ্জাৰে তেওঁক আটক কৰিছিল।নিয়মিত ফ্লেগ মিটিং আৰু অন্যান্য মাধ্যমৰ জৰিয়তে বি এছ এফে পাকিস্তান ৰেঞ্জাৰৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগত আছিল । এই ধাৰাবাহিক প্ৰচেষ্টাৰ অন্তত পাকিস্তানে বি এছ এফ কনিষ্টবলজনক ঘূৰাই পঠিয়ায়।”

ইয়াৰ পূৰ্বে ৫ মে’ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পাকিস্তান ৰেঞ্জাৰে হুগলীৰ এজন বি এছ এফ কনিষ্টবলক আটক কৰি ৰখা বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । তৃণমূল কংগ্ৰেছৰ নেতা কল্যাণ বেনাৰ্জীয়ে পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰি আছে বুলিও তেওঁ উল্লেখ কৰিছিল ।

মমতা বেনাৰ্জীয়ে কৈছিল, “এয়া অত্যন্ত দুখজনক পৰিস্থিতি । আমাৰ দলৰ কল্যাণ বেনাৰ্জী পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগত আছে । মই বিচাৰো যে তেওঁক অতি সোনকালে উদ্ধাৰ কৰা হওঁক । আমি স্পষ্টভাৱে কৈছোঁ যে আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ বিষয়ত আমাৰ দল চৰকাৰৰ সৈতে আছে । আমি ইয়াত বিভাজন আৰু ৰাজনীতি কৰা নাই ।”

উল্লেখ্য যে এনে ঘটনা এয়াই প্ৰথম নহয় । পূৰ্বেও সীমান্তত কৰ্মৰত বি এছ এফ জোৱানে অসাৱধানবশতঃ পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰিছিল । যাৰ বাবে সীমান্ত টহলৰ সময়ত সজাগ আৰু সাৱধান হ’বলৈ বি এছ এফে জোৱানসকলক কঠোৰ পৰামৰ্শ জাৰি কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *