...

অৱশেষত আহিল ভাল খবৰ !

Spread the love

সুনীতা আৰু উইলম’ৰেক উভতাই আনিবলৈ আজি আৰম্ভ হ’ব অভিযান

আজি সন্ধিয়া ৭-০৩ বজাত নাছা আৰু স্পেছএক্সে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰক ঘূৰাই অনাৰ বাবে ক্ৰু-১০ অভিযান আৰম্ভ কৰিব !

চাইন অন ডেস্কঃ এইবাৰ মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ বাট প্ৰশস্ত হৈছে সুনীতা উইলিয়ামছৰ। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে সন্ধিয়া ৭-০৩ বজাত National Aeronautics Space Agency চমুকৈ নাছা আৰু স্পেছএক্সে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰক ঘূৰাই অনাৰ বাবে ক্ৰু-১০ অভিযান আৰম্ভ কৰিব।
উল্লেখ্য যে, মাত্ৰ ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা সুনীতা আৰু উইলম’ৰে ত্ৰুটিপূৰ্ণ ষ্টাৰনাইনাৰত যাত্ৰা কৰাৰ পিছত প্ৰায় ৯ মাহ ধৰি মহাকাশতে আৱদ্ধ হৈ আছে। ইতিমধ্যে তেওঁলোকক পৃথিৱলী ঘূৰাই আনিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও বাৰে বাৰে ব্যৰ্থ হৈছে।
যদিহে এইবাৰ ক্ৰু-১০ অভিযান সফল হয় তেন্তে অহা ২০ মাৰ্চৰ ভিতৰত সুনীতা আৰু উইলম’ৰে পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। সুনীতা আৰু উইলম’ৰেক পৃথিৱীলৈ ঘূৰাই আনিবলৈ আৰম্ভ কৰা ক্ৰু-১০ অভিযানত মহাকাশলৈ যাব কেইবাজনো মহাকাশাচাৰী। তেওঁলোকৰ ভিতৰত আছে নাছাৰ এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশ সংস্থা জাক্সাৰ টাকুয়া অনিছি, ৰস্কোচমছৰ কিৰিল পেস্কোভ।
ইফালে প্ৰায় ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকা সুনীতা আৰু উইলম’ৰ স্বাস্থ্যক লৈ অতি সচেতন হৈ পৰিছে নাছা। তেওঁলোক পৃথিৱীত আহি উপস্থিত হোৱাৰ পাছতে যাতে প্ৰয়োজনীয় সকলো স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা আৰু ব্যৱস্থা লাভ কৰে সেয়া নিশ্চিত কৰিছে। তাৰোপৰি সুৰক্ষিতভাৱে মহাকাশৰ পৰা ঘূৰাই আনিবলৈ যি সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে সেয়াও সম্পূৰ্ণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *