যোৱা আঠ বছৰ ধৰি মেলেৰিয়াজনিত মৃত্যুৰ সংখ্যা শূন্য
নাহৰলগুন,১১মাৰ্চঃঅৰুণাচল প্ৰদেশে মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।এই ক্ষেত্ৰত বৰ্তমানলৈ ১৬ খন জিলাক মেলেৰিয়ামুক্ত ঘোষণা কৰা হৈছে।নাহৰলগুনৰ এখন হোটেলত মেলেৰিয়া সম্পৰ্কীয় এক ৩ দিনীয়া ৰাজ্যিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল।যোৱা ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা সভাত ড° কে.টি.ৰ পৌৰহিত্যত এনচিভিবিডিচিৰ স্বাস্থ্য সেৱাৰ কৰ্মী আৰু ৰাজ্যিক কাৰ্যসূচী বিষয়া (এছপিঅ’)ৰ উপ-সঞ্চালক মুলুঙ মূল বিষয়া আৰু স্বাস্থ্য বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছিল।ডাঃ মুলুঙে ৰাজ্যখনৰ মেলেৰিয়া নিয়ন্ত্ৰণ ব্যৱস্থাৰ এক আভাস প্ৰদান কৰি গুৰুত্ব দি কয় যে বাৰ্ষিক পৰজীৱী সূচকাংক (এপিআই) ১ৰ তলত আছে, যিটো সফল হস্তক্ষেপৰ এক শক্তিশালী সূচক।অৰুণাচল প্ৰদেশে মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ২০২২ চনত ভাৰত চৰকাৰে প্ৰশংসাৰ প্ৰমাণ পত্ৰৰে স্বীকৃতি লাভ কৰিছিল।এই ৰাজ্যিক পৰ্যালোচনা বৈঠকে মেলেৰিয়া নিৰ্মূলৰ প্ৰচেষ্টাত সফলতাৰ ওপৰত আলোকপাত কৰে।উল্লেখযোগ্য যে ৰাজ্য খনত যোৱা আঠ বছৰ ধৰি মেলেৰিয়াজনিত মৃত্যুৰ সংখ্যা শূন্য বুলি কোৱা হৈছে।