চাইন অন ডেক্স,ধুবুৰী,১০মাৰ্চ: অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে উজলিল ধুবুৰী জিলাৰ বিশিষ্ট টেৰাকোটা শিল্পী ধীৰেন্দ্ৰ নাথ পালে। উল্লেখ্য যে, যোৱাকালি নিশা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য ১২গৰাকীৰ ল’গতে বৰ্ষীয়ান শিল্পী ধীৰেন্দ্ৰ নাথ পাল লৈ লৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সেই ঘোষণাৰ পিছত জিলাখনৰ গৌৰীপুৰৰ সমীপৰ আশাৰীকান্দিৰ পালৰ পৰিয়ালত এতিয়া উছাহৰ ঢল। বয়স তথা সম্প্ৰতি ভৰিত হোৱা এক অস্ত্ৰোপচাৰৰ বাবে কিছু ক্লান্ত পালে অসম গৌৰৱ বঁটাৰ বাবে মনোনিত হোৱাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, “অসম গৌৰৱ বঁটা আগবঢ়োৱাৰ বাবে বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো।” তেওঁ আৰু কয় যে, “মোৰ ভাতৃস্বৰূপ, অসম চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই সদায় মোৰ খা-খৱৰ লৈ থাকে। তেখেতকো ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক জীৱনৰ দীর্ঘায়ু কামনা কৰিছোঁ।” তেখেতৰ নাম মনোনিত কৰি পঠিওৱাৰ বাবে ধুবুৰী জিলাৰ আয়ুক্তগৰাকীলৈও ধন্যবাদ জনায় বিশিষ্ট টেৰাকোটা শিল্পী তথা অসম গৌৰৱ পালে। দীৰ্ঘ বহু বছৰৰ পৰা পালৰ শৈল্পিক যাত্ৰাৰ সংগী তথা পত্নী শেফালী পালেও মুখ্যমন্ত্ৰী ডঃ শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে, স্বাধীনতাৰ বহু পূৰ্বে ১৯৪২ চনত তদানীন্তন পূৰ্ব বংগ তথা অধুনা বাংলাদেশৰ পাবনাত জন্ম হৈছিল ধীৰেন্দ্ৰ নাথ পালৰ। মাথো ২ মাহ বয়সতে পিতৃ-পৰিয়ালসহ অসমলৈ আহিছিল তেওঁ। প্ৰথমাৱস্থাত অসমৰ নগাওঁত তিথাপি ল’লেও পিছলৈ গৈ আশাৰাকান্দী গাওঁত নিগাজীকৈ থাকিবলৈ লয় তেওঁৰ পৰিয়ালে। মাথো ১০ বছৰ বয়সতে টেৰাকোটা শিল্পৰ জগতখনত খোঁজ পেলাইছিল পালে। প্ৰায় ৯ বছৰৰ নিৰলস প্ৰচেষ্টা, কৰ্মৰাজিৰে মাথো ১৯ বছৰ বয়সতেই টেৰাকোটা শিল্পী ৰূপে পৰিচিতি সুখ্যাতি লাভ কৰিছিল তেওঁ। বহু সন্মানেৰে বিভূষিত ধীৰেন্দ্ৰ নাথ পালে অসম গৌৰৱ বঁটাৰে উজলি উঠাৰ সমান্তৰালকৈ ধুবুৰী জিলালৈও আনিলে বিশেষ গৌৰৱৰ ক্ষণ।