...

অপেন কাষ্ট মাইনিঙৰ তীব্ৰ বিৰোধিতা !

Spread the love

ডিমা হাচাওৰ ৯০০০ বিঘা মাটিত খনন পৰিকল্পনাৰ বিৰোধিতা হাফলং গাঁৱৰ ৰাইজৰ

স্থানচ্যুতিৰ আশংকা,জনসাধাৰণৰ আস্থা হেৰুৱাৰ শংকা

সতৰ্কবাণী আৰু পৰিৱেশবিদৰ জৰুৰী হস্তক্ষেপৰ আহ্বান

 

হাফলং,২৭ মাৰ্চঃ
ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ সমীপৰ ৯ হাজাৰ বিঘা গাঁৱৰ মাটিত খননৰ পৰিকল্পনাৰে চৰকাৰে আগবাঢ়ি যোৱাৰ সময়ত বড়ো লখিনডং গাঁৱৰ ৰাইজে হতভম্ব আৰু অবিশ্বাস প্ৰকাশ কৰিছে।

বাৰে বাৰে আলোচনাৰ বাবে আবেদন জনোৱাৰ পাছতো গাঁওবাসীৰ পৰামৰ্শ অথবা সন্মতি লাভ নকৰাকৈয়ে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে। খনন কোম্পানীৰ সপক্ষে চৰকাৰে তেওঁলোকৰ কণ্ঠ আৰু স্বাৰ্থক উপেক্ষা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইয়াৰ পূৰ্বে নীপকোৱে নিৰ্মাণ কৰা এটা মথাউৰি স্থাপনৰ বাবে বহু গাঁওবাসী স্থানচ্যুত হৈছিল। এতিয়া তেওঁলোক স্থানচ্যুতিৰ আন এক ভাবুকিৰ সন্মুখীন হৈছে। শেহতীয়া এই উন্নয়নে জীৱিকাৰ বিকল্প, কৃষি, আৰু অঞ্চলটোৰ পৰিৱেশৰ ভাৰসাম্যৰ বাবে বিপদৰ সৃষ্টি কৰিছে বুলি বাসিন্দাসকলে কয়।

জাৰ্মান দূতে অসমৰ ৰাজ্যপালক সাক্ষাৎ, ৫ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা লিনছন ৰংহাং আৰু চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ কৰি অহা জোন্টো ৰংহাঙে গাঁওবাসীৰ প্ৰতি চৰকাৰৰ সহানুভূতিহীনতাক সমালোচনা কৰিছে। তেওঁলোকে জোৰ দি কয় যে সমাজখন উন্নয়নৰ বিৰোধী নহ’লেও পৰিৱেশ বা জনসাধাৰণৰ ভৱিষ্যতৰ মূল্যত উন্নতি আহিব নালাগে। গাঁওবাসীৰ উদ্বেগক অৱজ্ঞা অব্যাহত ৰাখিলে চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষয় হ’ব পাৰে বুলিও সকীয়াই দিয়ে।

ডালমিয়া চিমেণ্ট কোম্পানীৰ খনন কাৰ্যকলাপৰ ফলত উমৰাং নুল্লা আৰু ইয়াৰ প্ৰধান উৎস কোপিলী নদী প্ৰদূষিত হোৱা পৰিৱেশ অৱক্ষয়ৰ উদাহৰণ গাঁওবাসীয়ে উল্লেখ কৰে। প্ৰদূষিত নদীখনে এতিয়া জলজ জীৱ-জন্তু টিকিয়াই ৰাখিব পৰা নাই, যিয়ে নিয়ন্ত্ৰণহীন খনন কাৰ্যকলাপৰ ভয়াৱহ পৰিৱেশ পৰিণতিৰ ওপৰত আলোকপাত কৰিছে। স্থানীয় লোকসকলে সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ পৰিৱেশবিদসকলক আগন্তুক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায়। গাঁওবাসীয়ে আৰু জোৰ দি কয় যে এই বিষয়টোৱে কেৱল উমৰাংছ’ক ভাবুকি কঢ়িয়াই অনাই নহয়, ৰাজ্য আৰু জাতিৰ বাবেও ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *