চাইন অন ডেক্সঃ
অসম বিধান সভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰস্তাৱিত বিধানসভা ভৱন আৰু বিধায়ক আবাসৰ স্থান পৰিদৰ্শন কৰে। মাননীয় অধক্ষ্যগৰাকীয়ে প্ৰস্তাৱিত বিধানসভা ভৱন আৰু বিধায়ক আবাসৰ লগতে ৮০০ আসনৰ প্ৰেক্ষাগৃহ তথা আৱৰ্ত ভৱনৰ পৰিকল্পনা সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনাত মিলিত হয়। তেখেতৰ পৰিদৰ্শন কালত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মনিকা বৰা, ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ চক্ৰ বিষয়া দেৱ নাৰায়ণ হাজৰিকা, সহকাৰী আয়ুক্ত জুৰি দলে, সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ সোনোৱাল , মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ চেতিয়া, প্ৰমুখ্যে লোক নিৰ্মাণ পথ আৰু গৃহ বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, জনস্বাস্থ্য- কাৰিকৰী বিভাগ আৰু জিলা পশু চিকিৎসা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।