কেৱল এদিন, দুদিন নহয়!
এইকেইটা দিনত বন্ধ থাকিব বেংক
সবিশেষ জানিবলৈ পঢ়ক
হায়দৰাবাদঃ হোলী তথা দৌল মহোৎসৱ দিন ওচৰ চাপি আহিছে।১৩ মাৰ্চত হোলিকা দাহন হ’ব আৰু ১৪ মাৰ্চত ৰঙৰ উৎসৱ হোলী।যিহেতু হোলী দেশৰ অন্যতম বৃহৎ উৎসৱ।এই উৎসৱমুখৰ পৰিবেশৰ মাজতে বেংকৰ বন্ধৰ দিনৰ সময়সূচী জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ এতিয়াও বহু লোকে নিজৰ বিত্তীয় লেনদেন পৰিচালনাৰ বাবে বেংকৰ ওপৰত নিৰ্ভৰশীল।হোলীৰ উপলক্ষে দেশৰ বহু ঠাইত বেংক বন্ধ হয়। অৱশ্যে সমগ্ৰ দেশতে বেংক বন্ধ হৈ নাথাকিব।১৩ মাৰ্চত এইকেইখন ৰাজ্যত বন্ধ থাকিব বেংক আৰ বি আইৰ বেংক ছুটীৰ কেলেণ্ডাৰ অনুসৰি অহা ১৩ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে হোলিকা দাহন আৰু আট্টুকাল পংগালাৰ উৎসৱ পালন কৰা হ’ব।এই উপলক্ষে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু কেৰালাত বেংক বন্ধ থাকিব। দিল্লী-মুম্বাইৰ দৰে আন সকলো ঠাইতে বেংক খোলা থাকিব।১৪ মাৰ্চত ক’ত বন্ধ থাকিব বেংক?
১৪ মাৰ্চ শুকুৰবাৰে অনুষ্ঠিত হ’ব হোলী । সেইদিনা কৰ্ণাটক, ওড়িশা, মণিপুৰ, তামিলনাডু, ত্ৰিপুৰা, কেৰালা আৰু নাগালেণ্ডৰ বাহিৰে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
১৫ মাৰ্চত এই ৰাজ্যসমূহৰ বন্ধৰ দিনকিছুমান ৰাজ্যত ১৫ মাৰ্চত উদযাপন কৰা হ’ব হোলী উৎসৱ।এনে পৰিস্থিতিত ১৫ মাৰ্চ শনিবাৰেও বন্ধ থাকিব বেংক। এই দিনটোত ত্ৰিপুৰা, ওড়িশা, মণিপুৰ আৰু বিহাৰত বন্ধ থাকিব বেংক। অৱশ্যে দেশৰ বাকী ৰাজ্যসমূহত তৃতীয় শনিবাৰ হোৱাৰ বাবে ১৫ মাৰ্চতো বেংক খোলা থাকিব।দেওবাৰ হোৱাৰ বাবে ১৬ মাৰ্চতো সমগ্ৰ দেশৰ বেংকসমূহ বন্ধ থাকিব ।মাৰ্চ মাহৰ এইকেইটা দিনত বন্ধ থাকিব বেংক।
২২ মাৰ্চ বিহাৰ দিৱস । এই দিনটোত বিহাৰৰ বেংক বন্ধ থাকিব।
২৭ মাৰ্চত শ্বব-ই-কাদৰ উপলক্ষে জম্মু-কাশ্মীৰত বন্ধ থাকিব বেংক।
২৮ মাৰ্চত জুমা-উল-বিদা উপলক্ষেও জম্মু-কাশ্মীৰত বন্ধ থাকিব বেংক।
৩১ মাৰ্চত মিজোৰাম আৰু হিমাচল প্ৰদেশৰ বাহিৰে ৰমজান-ঈদ (ঈদ-উল-ফিতৰ) উপলক্ষে সমগ্ৰ দেশৰ বেংকসমূহ বন্ধ থাকিব।
২২ মাৰ্চ চতুৰ্থ শনিবাৰ, ২৩ মাৰ্চ আৰু ৩০ মাৰ্চ দেওবাৰ হোৱাৰ বাবে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
অৱশ্যে এই বিশেষ দিনবোৰত বেংকসমূহ বন্ধ থাকিব যদিও অনলাইন বেংকিং, ইউ পি আই পেমেণ্ট আৰু এ টি এমকে ধৰি ডিজিটেল বেংকিং সেৱাসমূহ গ্ৰাহকৰ বাবে উপলব্ধ হৈ থাকিব।