নিউজিলেণ্ডৰ সন্মুখত শক্তিশালী দক্ষিণ আফ্রিকা
চাইন অ’ন ডেক্স,৫মার্চ: আইচিচি চেম্পিয়নছ ট্রফীৰ কাইলৈ লাহোৰত হ’বলগীয়া দ্বিতীয় খন ছেঁমিফলইমেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রাক্তন দুই চেম্পিয়ন নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই। দক্ষিণ আফ্রিকাই ১৯৯৮ চনত চেম্পিয়ন হোৱাৰ বিপৰীতে ২০০০ চনত নিউজিলেণ্ডে সন্মানীয় প্রতিযোগিতাখনত খিতাপ জয় কৰিছিল। সুদীর্ঘ ২৭ বছৰ পিছত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ লক্ষ্যৰে আজি অৱতীৰ্ণ হ’ব প্রটিয়াজ বাহিনী। প্রতিযোগিতাখনৰ গ্ৰুপ ‘বি’ত অপৰাজেয় হৈ থকা ক্ষিণ আফ্রিকাই কাইলৈৰ ছেমিফাইনেলক লৈ
আত্মবিশ্বাসী। প্রতিযোগিতাখনত সতীর্থসকলে দাঙি ধৰা প্ৰদৰ্শনত সন্তুষ্টি প্রকাশ কৰি অধিনায়ক টেম্বা বাভুমাই কয় শেহতীয়াভাৱে দক্ষিণ আফ্রিকাই উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছে। আশা কৰিছোঁ, কাইলৈৰ গুৰুত্বপূৰ্ণ মেচখনতো সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি দলটোক ফাইনেলত উপনীত কৰোৱাত মুখ্য ভূমিকা ল’ব। আমি প্ৰথমৰ পৰাই আক্ৰমণাত্মক খেল দাঙি ধৰি নিউজিলেণ্ডক চাপত ৰাখিব লাগিব। কাৰণ, নিউজিলেণ্ড দলটোত কেইবাগৰাকী আগশাৰীৰ খেলুৱৈ আছে।তেওঁলোকৰ বিৰুদ্ধে আমি বিশেষ ৰণনীতি তেয়াৰ কৰিছো। ইফালে, মিচেল ছান্টনাৰতী নেতৃত্বাধীন নিউজিলেণ্ডেও গ্রুপ ‘এ’ৰ পইন্ট তালিকাৰ দ্বিতীয় স্থানত থাকি ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানত অনুষ্ঠিত ত্রিদেশীয় শৃংখলাৰ ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি চেম্পিয়ন হৈছিল নিউজিলেণ্ড। গতিকে, আজি ছেমিতো প্রটিয়াজ বাহিনীক পৰাস্ত কৰিব পাৰিব বুলি আত্মবিশ্বাসী ছাণ্টনাৰ বাহিনী।
খেলৰ সময়: দিনৰ ২.৩০ বজা।