কি সিদ্ধান্ত ল’লে নিজেই কলে কলিতাই?
গুৱাহাটী,১১মাৰ্চঃ
২০২৬ ৰ বিধানসভা নিৰ্বাচনত এঘড়ী যুঁজাৰ মন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। ২০২৯ চনত সংসদীয় ৰাজনীতিলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কলিতাৰ।
মিত্রদল বিজেপিৰে আসন বুজাবুজি হোৱা নাই যদিও ২০২৬ ৰ বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈয়ে পেলালে অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধায়কগৰাকীৰ সমষ্টিও নোহোৱা হ’ল।তাৰ ঠাইত নতুনকৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি হ’ল।লগতে সমষ্টিটোৰ সীমাৰো ব্যাপক সালসলনি হ’ল।শনিবাৰে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা।তাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে ব্যক্ত কৰি তেওঁ কয়, “মই ১৯৮৫ চনৰ পৰাই নিৰ্বাচন খেলি আহিছোঁ । ২০১৬ চনৰ পৰা বিজেপিৰ মিত্রতাত নিৰ্বাচন খেলি আহিছোঁ । ২০২৬ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত মই লৈয়ে থৈছোঁ । ২০২৯ত মই চিন্তা কৰিম। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁ লগতে কয়, “কাৰণ মই বহু বছৰ অসমৰ ৰাজনীতিত আছোঁ । গতিকে ২০২৯ত মই সংসদীয় ৰাজনীতিলৈ যোৱাৰ কথা চিন্তা কৰি আছোঁ । ২০২৯ত নতুন প্ৰজন্মক বিধানসভাৰ এই আসনখন এৰি দিয়াৰ পৰিকল্পনা মোৰ আছে ।”