...

পৰকীয়া প্ৰেম! স্বামীক ৬ টুকুৰা কৰি উটুৱাই দিলে ৫০ বছৰীয়া পত্নীয়ে |

Spread the love

অনিল যাদৱ নামৰ এজন লোকৰ সৈতে পৰকীয়া প্ৰেম

প্ৰেমিক তথা তেওঁৰ দুই বন্ধুৰ সৈতে মিলি কিছু দিন পূৰ্বে স্বামীক ৬ টুকুৰা কৰি তেওঁক হত্যা কৰে মহিলাগৰাকীয়ে

চাইন অন ডেক্সঃ

মীৰটত সংঘটিত হোৱা সাহিল-মুস্কান কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতে উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক অনুৰূপ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে এগৰাকী ৫০ বছৰীয়া মহিলাই হত্যা কৰিলে নিজ স্বামীক। কেৱল ইমানতে শান্ত নাথাকি মহিলাগৰাকীয়ে স্বামীৰ মৃতদেহটো ৬ টুকুৰা কৰি নদীৰ পাৰত পেলাই দিয়ে।

অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিক এতিয়া আৰক্ষীৰ জিম্মাত। দুয়োকে সহায় কৰা আৰু দুজন অভিযুক্তকো মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত মায়া দেৱী বলিয়া উত্তৰ প্ৰদেশৰ কোতৱালি অঞ্চলৰ বাহাদুৰপুৰৰ বাসিন্দা। এগৰাকী কন্যা আৰু স্বামী দেৱেন্দ্ৰ কুমাৰৰ সৈতে এখন সুখৰ সংসাৰ আছিল মায়া দেৱীৰ।

কিন্তু অনিল যাদৱ নামৰ এজন লোকৰ সৈতে পৰকীয়া প্ৰেমত পৰি প্ৰেমিক তথা তেওঁৰ দুই বন্ধুৰ সৈতে মিলি কিছু দিন পূৰ্বে স্বামীৰ দেহৰ ৬ টুকুৰা কৰি তেওঁক হত্যা কৰে মহিলাগৰাকীয়ে। ইয়াৰ পাছতে ১০ মে’ত আৰক্ষী থানাত উপস্থিত হৈ মায়া দেৱীয়ে স্বামী নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ মতে, মায়া দেৱীয়ে তেওঁৰ স্বামী তথা সেনাৰ বি আৰ অ’ উইংৰ পৰা অৱসৰপ্ৰাপ্ত স্বামী দেৱেন্দ্ৰ কুমাৰে কন্যাক আনিবলৈ বিহাৰৰ বাক্সাৰ ৰে’ল ষ্টেচনলৈ গৈছিল। তাৰ পাছত তেওঁ উভতি অহা নাই। মোবাইল ফোনটো বন্ধ বুলি এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত আৰক্ষীয়ে নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

চিকন্দৰপুৰ আৰক্ষী থানা এলেকাৰ খাৰিদৰ দিয়াৰী গাঁৱত আৰক্ষীয়ে এজন ব্যক্তিৰ কটা হাত-ভৰি উদ্ধাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অধিক তদন্ত কৰি ১২ মে’ত একেটা স্থানৰে এটা কুঁৱাত এটা মুণ্ডহীন শৰীৰৰ অংশ উদ্ধাৰ কৰে। আৰক্ষীয়ে অনুসন্ধানত সেইটো দেবেন্দ্ৰ কুমাৰৰ চিনাক্ত কৰে। ইফালে মৃতদেহটো চিনাক্ত হোৱাৰ পিছত আৰক্ষীয়ে মায়াক কঠোৰভাৱে জেৰা কৰে,তাৰ পাছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক বলিয়া ওমবীৰ সিঙে কয় যে, এই গোচৰত অভিযুক্ত মায়া দেৱীৰ লগতে তেওঁৰ প্ৰেমিক অনিল যাদৱ আৰু প্ৰেমিকৰ দুই বন্ধু সতীশ যাদৱ আৰু চালক মিথিলেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ সময়ত মায়াই স্বীকাৰ কৰে যে তেওঁ স্বামীৰ মূৰটো নগীত দলিয়াই দিছিল।

উল্লেখ্য যে, ১২ মে’ত মৃতদেহটো চিনাক্ত হোৱাৰ পিছতে মৃত দেৱেন্দ্ৰৰৰ কন্যাই বলিয়া থানাত চাৰি অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *