...

পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ দিশৰ বাৰামুলাৰ পৰা দক্ষিণৰ ভুজলৈকে ২৬টা স্থানত ড্ৰ’ন

Spread the love

জনসাধাৰণক সজাগ হবলৈ আহৱান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

নতুন দিল্লীঃ

পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা দুয়োটাৰে উত্তৰ দিশৰ বাৰামুলাৰ পৰা দক্ষিণৰ ভুজলৈকে ২৬টা স্থানত ড্ৰ’ন দেখা গৈছে। ইয়াৰ ভিতৰত অসামৰিক আৰু সামৰিক লক্ষ্যৰ বাবে সম্ভাৱ্য ভাবুকি কঢ়িয়াই অনা সন্দেহযুক্ত সশস্ত্ৰ ড্ৰোনসমূহো আছে।

স্থানসমূহৰ ভিতৰত আছে বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তিপোৰা, নগ্ৰোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, লালগড় জাট্টা, জয়ছালমেৰ, বৰমেৰ, ভুজ, কুয়াৰবেট আৰু লখী নলা।

পৰিতাপৰ বিষয় যে ফিৰোজপুৰৰ এটা অসামৰিক এলেকাক লক্ষ্য কৰি সশস্ত্ৰ ড্ৰ’নে লক্ষ্য কৰি লোৱাত স্থানীয় এটা পৰিয়ালৰ সদস্য সকল গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসা সাহায্য প্ৰদান কৰাৰ লগতে অঞ্চলটো নিৰাপত্তাৰক্ষীৰ দ্বাৰা চেনিটাইজ কৰা হৈছে।

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে উচ্চ সতৰ্ক অৱস্থা বজাই ৰাখিছে, আৰু এনে সকলো আকাশী ভাবুকিৰ অনুসৰণ আৰু কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থা ব্যৱহাৰ কৰি নিয়োজিত কৰা হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ আৰু অহৰহ নজৰ ৰখা হৈছে, আৰু প্ৰয়োজন সাপেক্ষে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলৰ নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ, অপ্ৰয়োজনীয় চলাচল সীমিত কৰিবলৈ, স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষাৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আতংকৰ প্ৰয়োজন নহ’লেও সতৰ্কতা আৰু সাৱধানতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *