
ডিব্ৰুগড় মহানগৰত পুনৰ কৃত্ৰিম বান
এজাক বৰষুণত বুৰ গ’ল পৌৰনিগমৰ ২২ ৱাৰ্ড
চাইন অন ডেক্সঃ
পুনৰ কৃত্ৰিম বানৰ কৱলত পৰিল ডিব্ৰুগড় মহানগৰ। এজাক বৰষুণত জলমগ্ন হ’ল ডিব্ৰুগড় মহানগৰৰ বিস্তীৰ্ণ অঞ্চল। বিশেষকৈ মহানগৰৰ মানকটা পথকে ২২ টা ৱাৰ্ডতে কৃত্ৰিম বানে অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আজি পুৱতি নিশাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰৰ আৱাসিক এলেকাত কৃত্ৰিম পানীয়ে ভৰি পৰিছে। মহানগৰৰ গাৰ্ডপাৰাত একাঠু পৰ্যন্তলৈকে সোমাইছে কৃত্ৰিম বান। কেৱল সেয়াই নহয়, বহু অঞ্চলত ঘৰৰ ভিতৰত পানী সোমাই দৈনন্দিন জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। আনহাতে মহানগৰৰ আমোলাপট্টী গাৰ্ডকোৱাটাৰৰ নলাবোৰত উপচি পৰাৰ ফলত আঁঠুলৈকে পানীত ডুব গৈছে। ইফালে কৃত্ৰিম বানৰ ফলত ডিব্ৰুগড় আমোলাপট্টী এম ভি স্কুলকে ধৰি কেইবাখনো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিব লগা হৈছে। অন্যান্য গুৰুত্বপূৰ্ণ পথসমূহ যেনে এটি ৰোড, জেইল ৰোড, আৰ কেবি ৰোড, জিগ জেগ ৰোড, এইচ এচ ৰোড, কেচি গগৈ ৰোড, ৰ’টাৰী ৰোড, ৰেড ক্ৰছ ৰোড, ক’ল ৰোড, ভিকেভি ৰোড, ঝালুকপাৰা ৰোড, কেপি ৰোড, পিএন ৰোড, আৰু কনভয় ৰোডতো কৃত্ৰিম বানৰ কৱলত পৰিছে। ইফালে খলিহামাৰী, পশ্চিম মিলননগৰ, জীৱন ফুকন নগৰ, লাচিত নগৰ আৰু চৌকিডিঙী আদি আবাসিক এলেকাবোৰ জলমগ্ন হোৱাত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। শান্তিপাৰা, খনিয়াগাঁও, গংগাপাৰা, পদুম নগৰ, লক্ষী নগৰ, গাৰ্ডপাৰা আৰু গ্ৰাহাম বজাৰৰ দৰে অঞ্চলসমূহত ঘৰৰ ভিতৰলৈকে কৃত্ৰিম পানী সোমোৱাৰ খবৰ পোৱা গৈছে। ডিব্ৰুগড় মহানগৰৰ এটা জ্বলন্ত সমস্যা কৃত্ৰিম বানপানী সমস্যাই বছৰৰ অধিকাংশ সময় ডিব্ৰুগড় বাসীক জ্বলাকলা খোৱাই আহিছে যদিও পৌৰ নিগম বা গড়কাপ্তানী বিভাগ কোনো কৃত্ৰিম বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আনকি স্থানীয় জনপ্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড় মহানগৰৰ জ্বলন্ত কৃত্ৰিম বান সমস্যা সমাধান নকৰাত মহানগৰবাসী ক্ষোভিত হৈ পৰিছে।
