শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি নহয়
শিক্ষাৰ উদ্দেশ্য এজন ব্যক্তিক মানুহ হিচাপে শৃংখলাবদ্ধকৈ
গঢ় দিয়াঃ শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু
চাইন অন ডেক্সঃ
অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সম-জিলাৰ অন্তৰ্গত জালনী চাহ বাগিচাৰ নৱনিৰ্মিত জালনী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু চাবুৱাৰ নৱনিৰ্মিত শিয়ালকুটি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। জালনী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে কয় যে, ভাৰতবৰ্ষ বৰ্তমান বিকশিত ৰাষ্ট্ৰৰ দিশে ধাৱমান আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় ল’বলৈ হ’লে দেশৰ আন্তঃগাথঁনি তথা স্বাস্থ্য খণ্ডৰ উন্নয়নৰ লগতে প্ৰতিগৰাকী নাগৰিক শিক্ষিত হব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰাজ্যখনৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী আৰু তাৰ মাজত যিসকল দিব্যাংগ ছাত্ৰ-ছাত্ৰী আছে সেই সকলোয়ে নিশ্চিতভাবে শিক্ষা লাভ কৰিব লাগিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচা অঞ্চলসমূহত শিক্ষাৰ উৎকৰ্ষ সাধনৰ অৰ্থে বিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে বুলি উল্লেখ কৰি ইতিমধ্যে মুকলি হোৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰোপৰি বৰ্তমান চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে বুলিও তেওঁ কয়। শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি নহয়; শিক্ষাৰ উদ্দেশ্য এজন ব্যক্তিক শৃংখলাবদ্ধ মানুহ হিচাপে গঢ় দিয় বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়তে বিভিন্ন দক্ষতাৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ আঁচনি প্ৰস্তুত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
আজিৰ অনুষ্ঠানত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, দুলীয়াজান সম-জিলা আয়ুক্ত অংকুৰ দাস, ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা, টেঙাখাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৌস্তভমণি নাথ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কি বাত”ৰ সম্প্ৰচাৰো কৰা হয়।
আনহাতে চাবুৱাৰ নৱনিৰ্মিত শিয়ালকুটি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, ডিব্ৰুগড় জিলা বিদ্যায়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা, পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হাছনা দলে টায়েং প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।