...

ডিব্ৰুগড়ত অনুষ্ঠিত হব এঘাৰ কুণ্ডৰ শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞ

Spread the love

বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ব বিদ্যালয়ৰ দুগৰাকী অধ্যাপকৰ পুৰোহিত ৰূপে অংশগ্রহণ

চাইন অন ডেক্সঃ
আমোলাপট্টি ৰাজহুৱা নামঘৰ সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় পুৰোহিত সমাজ আৰু ডিব্ৰুগড় বাসী ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ কামনাৰে আগন্তুক অসমীয়া নববর্ষৰ আৰম্ভণিত আমোলাপট্টি ৰাজহুৱা নামঘৰ প্ৰাঙ্গণত মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। আগন্তক ২৪ এপ্রিলৰ পৰা ২৭ এপ্রিল তাৰিখলৈকে অনুষ্ঠিত হব লগা যজ্ঞত, ইচ্ছুক ভক্তপ্রাণ ৰাইজ সকলে যাতে নিজস্ব ভাবেও আহুতি প্রদানৰ সুবিধা লাভ কৰে, সেই উদ্যেশ্যে প্রথম বাৰৰ বাবে মূল কুণ্ড সহ মুঠ ১১ টি কুণ্ডৰ ব্যৱস্থা কৰা হৈছে। নিজস্ব ভাবে আহুতি প্রদান কৰিব বিছৰা ব্যক্তি সকলে আগতীয়াকৈ ৯৭০৬০৭২০১০ ফোন নম্বৰত যোগাযোগ কৰি নিজস্ব নাম আহুতিৰ বাবে সন্নিৱিস্ত কৰিব পাৰিব বুলিও আয়োজকে জনাইছে।অহা
২৫ এপ্রিল ২০২৫ তাৰিখে যজ্ঞৰ জল মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা সংগ্ৰহ কৰি, এটি জল যাত্রা ডিব্ৰুগড় চহৰৰ মাজেৰে যজ্ঞ স্থলিলৈ অনুষ্ঠিত হব। উক্ত যজ্ঞ ভাগীত ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা পুৰোহিত তথা ধর্মগুৰু সকলে অংশগ্ৰহণ কৰাৰ লগতে, বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ব বিদ্যালয়ৰ পৰাও দুই গৰাকী অধ্যাপকে পুৰোহিত ৰূপে অংশগ্রহণ কৰিব।যজ্ঞৰ লগত সংগতি ৰাখি, বর্তমান প্ৰজন্মৰ মাজত নিজস্ব সংস্কৃতি পৰম্পৰাৰ বিষয়ে যাতে জিজ্ঞাসু বৃদ্ধি হয়, সেই উদ্যেশ্যে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত “মহাভাৰতৰ” বিষয়ত এখনি কুইজ প্রতিযাগিতা আগন্তুক ২৫ এপ্রিল ২০২৫ তাৰিখে যজ্ঞ স্থলিত অনুষ্ঠিত কৰা হব।আধ্যাত্মিক চেতনা, ব্যক্তি আৰু সমাজ বিষয়ক এখনি ধর্মালোচনী সভা আগন্তুক ২৬ এপ্রিল তাৰিখে অনুষ্ঠিত হব। উক্ত ধর্মালোচনী সভা খনিত দেৰগাঁৱৰ শ্ৰীশ্ৰী ন গোঁসাই সত্ৰৰ আচাৰ্য্য, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক, শংকৰাচাৰ্য্য বঁটা প্রাপক সাহিত্যিক পেঞ্চনাৰ শ্ৰীশ্ৰী ৰোহিণী বল্লভ গোস্বামী শাস্ত্রীয়ে মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰি, বৰ্তমান সমাজ ব্যৱস্থাৰ লগত আধ্যাত্মিক চেতনাৰ বৃদ্ধিৰে কি দৰে ব্যক্তিৰ বিকাশ সাধন কৰিব পৰা যায়, সেই সন্দৰ্ভত বক্তৃতা প্রদান কৰিব।২৭ এপ্রিল তাৰিখে, যজ্ঞৰ অন্তিম দিনা হ’ব লগা যজ্ঞৰ পূৰ্ণাহুতিৰ কাৰ্য্যক্ৰমত, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামী, মুকলী মুৰীয় ভট্টাচার্য্য গোস্বামী টোল- তান্ত্রিক শিক্ষানুষ্ঠানৰ আচাৰ্য্য শ্রীশ্রী কৈলাশ চন্দ্র দেৱ গোস্বামী সহ বিভিন্ন গণ্য মান্য ধর্মীয় গুৰু সকল অতিথি ৰূপে উপস্থিত থাকি বিশ্ব শান্তিৰ কামনা কৰিব।সেয়ে সমিতিৰ ফালৰ পৰা সমগ্র ডিব্ৰুগড় বাসী ৰাইজৰ লগতে, সমগ্ৰ অসম বাসীৰ যজ্ঞ খনিত অংশগ্রহন কামনা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *