...

ডিফলু নদীত মৃত অৱস্থাত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘ !

Spread the love

চাইন অন ডেক্সঃ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃতদেহ উদ্ধাৰ ৷ কহঁৰা বনাঞ্চলৰ দুসুঁতি বন শিবিৰ এলেকাত উদ্ধাৰ মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ ৷ ডিফলু নদীত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা বাঘটো দুদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ ।

শৰীৰত কেইবাটাও আঘাটৰ চিন থকা প্ৰায় ১২ বছৰ বয়সৰ বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, স্বাভাৱিকতে আধিপত্য বৃদ্ধিৰ বাবে বহু সময়ত বাঘৰ মাজত চলে পাৰস্পৰিক যুঁজ ৷ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বাঘটোৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিয়ম অনুসৰি দাহ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *