...

ডিজিটেল সংবাদ ক্ষেত্ৰত চাইন অনৰ নতুন খোজঃ আমাৰ শুভকামনা

Spread the love

ডাঃ সঞ্জীৱ শৰ্মা

গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম। সংবাদ মাধ্যমক আমাৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিও অভিহিত কৰিছে। মই আজি অতিশয় আনন্দিত হৈছোঁ যে, ডিজিটেল সংবাদ মাধ্যমত নৱতম সংযোজন হিচাপে এচাম উদ্যমী যুৱকৰ প্ৰচেষ্টাত আত্মপ্ৰকাশ ঘটিব ‘Sign On’ নামৰ এটি ডিজিটেল মাধ্যম। এই ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সত্য, স্বচ্ছ আৰু নিকা বাতৰি পৰিৱেশন কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি। ইয়াৰ উপৰিও তেওঁলোকে কিছুমান অনুষ্ঠান পৰিৱেশন কৰিব য’ত আমাৰ মাজত সোমাই থকা ভুল ব্যাখ্যবোৰ শুদ্ধ কৰিব। ‘News That Change Views’ক সাৰোগত কৰিব ডিজিটেল সংবাদ ক্ষেত্ৰখনত এক নতুন ধাৰা সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি। এইক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ তথা স্নেহৰ অবিহনে কেতিয়াও এই সংকল্প পূৰ্ণ কৰাটো সম্ভৱ নহয়। মোৰ ৰাইজৰ প্ৰতি সৰল প্ৰাৰ্থনা, যাতে অসমৰ যুৱচামক আপোনালোকে অবিৰত সমৰ্থন কৰে আৰু ভুল দেখিলেই আঙুলিয়াই দি দিশ-নিৰ্ণায়ক কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *