...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ

Spread the love

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ

বিমুগ্ধ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ

উদ্যান উপভোগ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী

বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য

 

চাইন অন ডেক্সঃ

জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য আজি উপভোগ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ খোলা জীপত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে তেণ্ডুলকাৰসহ পৰিয়ালক নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় ৷ আনহাতে উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহন কৰাৰ লগতে দুজন যুৱকে গামোচাৰে আদৰণি জনাই শচীনক ৷

তাৰোপৰি ডোঙা দৰ্শন চূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি টেবুল বুক উপহাৰ দিয়ে ৷ লগতে বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷

সমান্তৰালকৈ উদ্যান উপভোগ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী।বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য ঘটে ক্ৰিকেটাৰগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *