...

অৰুণাচলৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিলে চীনে

Spread the love

অৰুণাচলৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিলে চীনে

অৰুণাচল প্ৰদেশ তিব্বতৰ দক্ষিণ অংশঃ চীন

অৰুণাচল প্ৰদেশ তিব্বতৰ দক্ষিণ অংশঃ চীন

চাইন অন ডেস্ক:

পুনৰ অৰুণাচল প্ৰদেশক লৈ ষড়যন্ত্ৰৰ চেষ্টা চলালে চীনে। সকলো স্পৰ্ধা পাৰ কৰি চীনে এইবাৰ ৰাজ্যখনৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিলে। পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে চীনে কৰা এনে কাণ্ডক লৈ ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। কেৱল ইমানেই নহয়, অৰুণাচল প্ৰদেশক তিব্বতৰ দক্ষিণ অংশ বুলি দাবী কৰিছে চীনে।

বুধবাৰে ভাৰতে চীনৰ এই প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰি কয় যে, এনে অৰ্থহীন প্ৰচেষ্টাৰ দ্বাৰা এই বাস্তৱতা সলনি নহ’য়। অৰুণাচল প্ৰদেশৰ বিষয়ত চীনক কঠোৰ বাৰ্তা দি ভাৰতে কয় যে, সত্য সলনি হ’ব নোৱাৰে। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব।” অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ বাবে চীনে নিজৰ নাম ঘোষণা কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে কৰে এই মন্তব্য।

সমগ্ৰ বিষয় সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সদৰি কৰে যে, ‘আমি লক্ষ্য কৰিছো যে, চীনে ভাৰতৰ অৰুণাচল প্ৰদেশৰ কিছু ঠাইৰ নাম সলনি কৰাৰ অসাৰ আৰু অৰ্থহীন প্ৰচেষ্টা চলাইছে। আমি আমাৰ নীতিগত স্থিতি অনুসৰি এনে প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰো’বুলিও উল্লেখ কৰে ৰণধীৰ জয়ছৱালে।

উল্লেখযোগ্য যে, চীনে বাৰে বাৰে মানচিত্ৰ জাৰি কৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানৰ নাম সলনি কৰি আহিছে। ২০২৪ চনত চীনে অঞ্চলটোৰ স্থানসমূহৰ বাবে ৩০টা অতিৰিক্ত নাম নিৰ্ধাৰণ কৰি এখন নতুন তালিকা প্ৰকাশ কৰিছিল— যি পদক্ষেপক ভাৰতে কঠোৰভাৱে নাকচ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *