- ২০২৬ চনৰ ভিতৰত নিৰ্মাণ সম্পন্ন কৰিবলৈ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষক
চাইন অন ডেক্স,১২ মাৰ্চঃ উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য লেহেমীয়া গতিৰে চলা কাৰ্য্য তথা নিৰ্মাণকাৰ্যক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ২০২৬ চনৰ ভিতৰত ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ৰাজ্যপাল গৰাকী। উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় চাবুৱাত নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল ৰাজ্য চৰকাৰে। ২০২৩ চনত নাহৰকটীয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় ২০০ বিঘা মাটিকালিক সামৰি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ দায়িত্ব পাইছিল তামিলনাডুৰ ৰেংক নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে। কিন্তু প্ৰতিষ্ঠানটোৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিব নোৱাৰি কামৰ দায়িত্ব গুজৰাটৰ বিশ্বাস নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানক হস্তান্তৰ কৰে। কিন্তু ইমানৰ পাছতো ৫,৬৬,২৫,০৯৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য আগ নাবাঢ়িল। আনকি বিশ্ববিদ্যালয়ৰ চাৰিসীমাত আজিও নহ’ল দেৱালৰ নিৰ্মাণ। কালি চাবুৱা পানীএৰা গাঁৱত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য বুজ লোৱা উদেশ্য পৰিদৰ্শন কৰে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য।
বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত জড়িত বিভাগীয় অভিযন্তা তথা ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অগ্ৰগতিৰ বিষয়েও বুজ ল’য ৰাজ্যপাল আচাৰ্যই।মনকৰিবলগীয়া কথা যে বিগত কেইবাবছৰ ধৰি ডিব্ৰুগড় চৌকিডিঙ্গীৰ বাণিজ্য বিভাগৰ এক অস্থায়ী ভৱনত চলাই আছে অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম-কাজ। কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে ঘোষণা কৰা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আজিও আৰম্ভ কৰিব নোৱাৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে।ইফালে বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰা লগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড°পংকজ বৰঠাকুৰক প্ৰতিমাহে নিৰ্মাণৰ কামৰ খতিয়ান লিখিত ভাৱে জনাবলৈ নিৰ্দেশ দিয়ে।আজি ৰাজ্যপাল গৰাকীয়ে প্ৰতিকুল বতৰকো নেওচি নিৰ্মাণ স্থলী পৰিদৰ্শন কৰিবলৈ যোৱা কাৰ্য্যত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য অধ্যাপক ড জে পি বাৰ্মা তথা বিশ্ববিদ্যালয় খনৰ পৰিয়ালে সন্তোষ প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় খনৰ বৰ্তমানৰ উপাচাৰ্য গৰাকী কাৰ্য্যকালো আৰু কেইটামান মাহৰ পাছতে উকলি যাব।কালি ৰাজ্যপাল গৰাকীক বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য,পঞ্জীয়ক,শিক্ষক,ছাত্ৰ ছাত্ৰী সকলে উষ্ম আদৰণী জনায়।স্থানীয় ৰাইজেও বহু আশাৰে বাট চাই থকা বুলি মত প্ৰকাশ কৰা লগতে ৰাজ্যপাল গৰাকীক আদৰণী জনায়।বৰ্তমান বিশ্ববিদ্যালয় খনত প্ৰায় চাৰিকুৰিৰো অধিক শিক্ষাৰ্থী আৰু চাৰি গৰাকী গৱেষকে গৱেষণা কৰ্ম কৰি আছে।