- অনুপ্ৰৱেশ বন্ধ হব!
- সংসদত বিধেয়ক দাখিল
- বিৰোধীৰ আপত্তি
নতুন দিল্লী,১৩ মার্চঃ মার্কিন ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ পদাংক অনুসৰণ কৰি এইবাৰ কঠোৰ প্ৰব্ৰজন আইন প্রণয়ন কৰাৰ চেষ্টা চলাইছে ভাৰতে। কালি লোকসভাত দাখিল হৈছে প্ৰব্ৰজন আৰু বিদেশী নাগৰিক সংশোধনী বিধেয়ক। গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে কালি এই বিধেয়কখন লোকসভাত দাখিল কৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন এই প্রব্রজন আৰু বিদেশী নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে কংগ্রেছ, তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে। বিধেয়কখন সংসদত দাখিল কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শতাব্দী প্রাচীন প্ৰব্ৰজন আইনৰ সৰলীকৰণ,ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অপৰাধীসকলক কঠোৰ শাস্তি দিয়াব উদ্দেশ্যে নতুন আইন অনা হ’ব। পাছপ’ৰ্ট (ভাৰতত প্রৱেশ) আইন, ১৯২০, বিদেশী নিবন্ধন আইন, ১৯৩৯ ফৰেনাৰ এক্ট, ১৯৪৬ আৰু প্রব্রজন (দায়বদ্ধতা) আইন, ২০০০ বাতিল কৰি নতুনকৈ আইন প্রণয়ন কৰা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। কিন্তু বিৰোধীৰ দাবী অনুসৰি বাংলাদেশৰ পৰা ভাৰতলৈ আহি বসবাস কৰা বাংলাদেশী মুছলমান সকলক গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰই এই নতুন আইন প্রণয়নৰ লক্ষ্য কৰি লৈছে। অৱশ্যে চৰকাৰে বিৰোধীৰ এই অভিযোগ যুক্তিশূন্য বুলি মন্তব্য কৰিছে।
বনাছকান্থাত নগ্ন ভিডিঅ’ দেখুৱাই ব্লেকমেইল
গুজৰাটত ডেৰ বছৰ ধৰি তৰুণীক দলবদ্ধ ধর্ষণ সাত দুর্বৃত্তৰ
গান্ধীনগৰ,১৩মার্চঃ নগ্ন ভিডিঅ’ দেখুৱাই দিনৰ পিছত দিন ব্লেকমেইল! প্ৰায় ডেৰ বছৰ ধৰি এজনী তৰুণীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে ৭ দুর্বৃত্তৰ বিৰুদ্ধে। এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে গুজৰাটৰ বনাছকান্থা জিলাত। আজি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ২০২৩ চনত পালামপুৰৰ এখন কলেজত ভর্তি হৈছিল তৰুণীজনী। সেই সময়ত বিশাল চৌধুৰী নামৰ এজন যুৱকৰ সৈতে ইনষ্টাগ্ৰামত বাৰ্তালাপ হয় তৰুণীৰ। সেই বছৰৰ নৱেম্বৰৰ মাহত এখন হোটেললৈ তৰুণীজনীক লৈ যায় আৰু পোছাকত খাদ্য পেলাই দিয়ে। এই পোছাক পৰিষ্কাৰ কৰাৰ নামত ঘৰলৈ বিশালে তৰুণীজনীক লৈ গৈ বাথৰুমত গোপনে ভিডিঅ’ প্রস্তুত কৰে। এই ভিডিঅ’ দেখুৱাই বিগত ১৬ মাহ ধৰি তৰুণীজনীক বিশাল আৰু অন্য ৬ জন যুৱকে ধৰ্ষণ কৰি আহিছিল।অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই।ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।